দিল্লীৰ নৃশংস কাণ্ড! মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য...

দিল্লীৰ নৃশংস কাণ্ড! মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য...


৩১ ডিচেম্বৰৰ নিশা ৰাজধানী দিল্লীত সংঘটিত হৈছিল এক নৃশংস ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক এটা যুৱকৰ দলে গাড়ীৰে খুন্দা মাৰি প্ৰায় ১২ কিলোমিটাৰ চুচৰাই নিছিল।


ডিজিটেল ডেস্ক: ৩১ ডিচেম্বৰৰ নিশা ৰাজধানী দিল্লীত সংঘটিত হৈছিল এক নৃশংস ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক এটা যুৱকৰ দলে গাড়ীৰে খুন্দা মাৰি প্ৰায় ১২ কিলোমিটাৰ চুচৰাই নিছিল। তাৰপাছতেই উলংগ অৱস্থাত উদ্ধাৰ হৈছিল যুৱতী গৰাকীৰ মৃতদেহ।

এই ঘটনা সন্দৰ্ভত দিল্লী উত্তাল হৈ থকাৰ মাজতেই পোহৰলৈ আহিছে যুৱতী গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ভুক্তভোগীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, কমেও ৪০ টা ঠাইত আঘাত পাইছিল যুৱতী গৰাকীয়ে।

যুৱতী গৰাকীৰ পিঠিৰ পৰা ছাল সমূহ এৰি গৈছিল। যুৱতী গৰাকীৰ মূৰৰ আধা অংশ ভাঙি গৈছিল। মূৰ, মেৰুদণ্ড আৰু তলৰ হাত-ভৰি আদি বিভিন্ন অংশত আঘাত পাইছিল।

যুৱতী মৃত্যুৰ কাৰণ "শ্বক আৰু ৰক্তক্ষৰণ" বুলি উল্লেখ আছে। যুৱতী গৰাকীৰ মাতৃয়ে সন্দেহ কৰিছিল যে তেওঁক ধৰ্ষণ কৰা হৈছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাত যৌন নিৰ্যাতনৰ কোনো ধৰণৰ লক্ষ্যণ দেখা পোৱা নাই বুলি উল্লেখ আছে।

উল্লেখ্য যে, অঞ্জলী সিং নামৰ যুৱতী গৰাকীয়ে কামৰ পৰা ঘৰলৈ উভতাৰ পথত এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে। দিল্লীৰ কাঞ্জাৱালা অঞ্চলত সংঘটিত হৈছিল এই ঘটনা।

Post a Comment

Previous Post Next Post